অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা
অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সদায় হোৱা উচিত নিৰপেক্ষ আৰু জনস্বাৰ্থ সিদ্ধকৰ । কিন্তু সাম্প্ৰতিক ভাৰতীয় প্ৰেক্ষাপটত সংবাদ জগতখন ক্ৰমান্বয়ে কৰ্পৰেট আৰু ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ মূখ্য আহিলা হয় পৰিছে । এই ধাৰাৰ আটাইতকৈ চৰ্চিত মুখগৰাকী হৈছে ‘ৰিপাব্লিক টিভি’ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। বিগত কেইবাবছৰ ধৰি চৰকাৰৰ প্ৰতিটো পদক্ষেপক অন্ধভাৱে সমৰ্থন জনোৱা আৰু চৰকাৰৰ সমালোচকসকলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা এইগৰাকী সাংবাদিকে শেহতীয়াকৈ এক অস্বাভাৱিক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ আৰাৱল্লী পৰ্বতমালাৰ দৰে পৰিৱেশ সংক্ৰান্তীয় স্পৰ্শকাতৰ বিষয় আৰু অন্যান্য ৰাষ্ট্ৰীয় সমস্যাত তেওঁ চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে সচেতন মহলে প্ৰশ্ন তুলিছে— দীৰ্ঘদিন ধৰি চৰকাৰৰ ‘সুৰক্ষা কৱচ’ হৈ থকা অৰ্ণৱ গোস্বামীৰ এই পৰিৱৰ্তন কিবা নৈতিক জাগৰণ নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অৰ্থনৈতিক বা ব্যৱসায়িক অভিসন্ধি? ...