Posts

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং

Image
 গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং যিকোনো এখন সুস্থিৰ আৰু সচেতন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সঠিক তথ্য আৰু নিৰপেক্ষ সংবাদৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, যাৰ মূল দায়িত্ব হ'ল সমাজৰ দাপোণ হিচাপে কাম কৰা আৰু জনসাধাৰণক সত্যৰ পথ প্ৰদৰ্শন কৰা। কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ এক বৃহৎ অংশই নিজৰ এই মূল আদৰ্শৰ পৰা বিচ্যুত হৈ যি এক ভয়াবহ দিশলৈ গতি কৰিছে, সেয়া সমগ্ৰ সমাজ ব্যৱস্থাৰ বাবেই এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। বৰ্তমানৰ মূলসুঁতিৰ সংবাদ মাধ্যম, যাক বহুতে 'গোদী মিডিয়া' বুলিও অভিহিত কৰে, তেওঁলোকৰ বাবে বাতৰি এতিয়া হয় পৰিছে কেৱল এক পন্য। 'ব্ৰেকিং নিউজ'ৰ নামত চলি থকা তীব্ৰ প্ৰতিযোগিতাই সাংবাদিকতাৰ নৈতিকতাক তল পেলাইছে। খবৰ এটা সঁচা নে মিছা, সেইটো ফঁহিয়াই চোৱাতকৈ কোনে কিমান সোনকালে তাক প্ৰচাৰ কৰিব পাৰে, তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছে । এই প্ৰক্ৰিয়াত প্ৰায়ে আধা-সঁচা তথ্য, পুৰণি ভিডিঅ', আনকি সম্পূৰ্ণ ভুৱা খবৰকো নতুন মেৰপেচ দি দৰ্শকৰ আগত পৰিৱেশন কৰা হয়। মুঠতে সত্যৰ অন্বেষণৰ ...

অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ? - বিজয় পাংগিং

Image
অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ? অসমৰ ৰাজনীতি বৰ্তমান এক জটিল সন্ধিক্ষণত উপনীত হৈছে। যিখন ৰাজ্যত  বিদেশী সমস্যা সমাধানৰ বাবে ঐতিহাসিক আন্দোলন হৈছিল, যিখন ৰাজ্যৰ ৮৫৫ জন শ্বহীদে বিদেশীমুক্ত অসমৰ সপোন দেখি প্ৰাণ আহুতি দিছিল, সেইখন ৰাজ্যত এতিয়া সমস্যা সমাধানৰ নামত চলিছে কেৱল এক সস্তীয়া ভাওনা। অসমত অবৈধ বিদেশী থকাটো কোনো এক নতুন আৱিষ্কাৰ নহয়; ই এক নিৰ্মম সত্য। সংসদত দিয়া তথ্যমতেই প্ৰায় ৫০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অসমে কঢ়িয়াই লৈ ফুৰিছে। অথচ আজিকোপতি কোনো এক চৰকাৰে এই বোজা পাতল কৰিবলৈ চেষ্টা কৰা নাই । তাৰ সলনি ১৯৮৫ ৰ পৰা আজিলৈকে  প্ৰতিখন চৰকাৰে অসমৰ ৰাইজক চূড়ান্ত অন্যায় কৰি বাৰে বাৰে কৰি আছে শ্লোগানেৰে হুলস্থূল আৰু আৱেগৰ ৰাজনীতি । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ অন্তৰালৰ দৰ্শন আছিল স্পষ্ট— বিদেশীমুক্ত অসম। কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাক দোহাই দি সমগ্ৰ ভাৰতত ১৯৫১ চনটো ভিত্তি বৰ্ষ হোৱাৰ বিপৰীতে, কেৱল অসমৰ ওপৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ বোজা জাপি দিয়া হ'ল। অসমীয়া জাতিয়ে এই ঐতিহাসিক অন্যায় মানি লৈছিল কেৱল এটা...

ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয পাংগিং

Image
ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয় পাংগিঙৰ বিশেষ লেখা । ​শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিজ্নৌৰৰ এখন মন্দিৰত এক আচৰিত ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে । বিজ্নৌৰৰ মন্দিৰত সংঘটিত হোৱা এই ঘটনাই আমাৰ সমাজত শিপাই থকা অন্ধবিশ্বাসৰ গভীৰতা'ক চুড়ান্ত ভাৱে উদঙাই দিছে । ঘটনাটো আছিল এনেধৰণৰ— বিজ্নৌৰৰ এখন মন্দিৰৰ চৌহদত এটা কুকুৰে এক নিৰ্দিষ্ট স্থানক কেন্দ্ৰ কৰি অবিৰামভাৱে ঘূৰি আছিল। প্ৰথমতে তাত উপস্থিত থকা কেইজনমান লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰিছিল । দৃশ্যটো দেখি প্ৰথমে তেওলোকে সাধাৰণ বুলি আওকান কৰিছিল । কিন্তু কুকুৰটোৱে অকণো নোৰোৱাকৈ বাৰে বাৰে একে ঠাইতে ঘূৰি থকা দেখি মানুহবোৰ আচৰিত হ’ল আৰু তেওঁলোকৰ মনত কৌতুহলৰ সৃষ্টি হ’ল। ​লাহে লাহে মানুহৰ ভিৰ বাঢ়িল আৰু কুকুৰটোৰ এই নেৰা-নেপেৰা ঘূৰণ দেখি এই ভিৰৰ পৰা দুই এজন দৰ্শনাৰ্থীয়ে ইয়াৰ লগত ঈশ্বৰীয় সম্পৰ্ক আছে  বুলি ভাৱিলে । এনেদৰে দুই একৰ এই ধাৰনাটো লাহে লাহে গভীৰ হৈ পৰিল । পাছলৈ উপস্থিত লোকসকলে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণৰ কোনো বৈজ্ঞানিক বা চিকিৎসাশাস্ত্ৰৰ কাৰণ বিচৰাৰ সলনি আৱেগিক হৈ কুকুৰটো "ঈশ্বৰৰ দূত" বুলি ভৱা আ...

অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা

Image
অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সদায় হোৱা উচিত নিৰপেক্ষ আৰু জনস্বাৰ্থ সিদ্ধকৰ । কিন্তু সাম্প্ৰতিক ভাৰতীয় প্ৰেক্ষাপটত সংবাদ জগতখন ক্ৰমান্বয়ে কৰ্পৰেট আৰু ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ মূখ্য আহিলা হয় পৰিছে । এই ধাৰাৰ আটাইতকৈ চৰ্চিত মুখগৰাকী হৈছে ‘ৰিপাব্লিক টিভি’ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। বিগত কেইবাবছৰ ধৰি চৰকাৰৰ প্ৰতিটো পদক্ষেপক অন্ধভাৱে সমৰ্থন জনোৱা আৰু চৰকাৰৰ সমালোচকসকলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা এইগৰাকী সাংবাদিকে শেহতীয়াকৈ এক অস্বাভাৱিক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ আৰাৱল্লী পৰ্বতমালাৰ দৰে পৰিৱেশ সংক্ৰান্তীয় স্পৰ্শকাতৰ বিষয় আৰু অন্যান্য ৰাষ্ট্ৰীয় সমস্যাত তেওঁ চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে সচেতন মহলে প্ৰশ্ন তুলিছে— দীৰ্ঘদিন ধৰি চৰকাৰৰ ‘সুৰক্ষা কৱচ’ হৈ থকা অৰ্ণৱ গোস্বামীৰ এই পৰিৱৰ্তন কিবা নৈতিক জাগৰণ নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অৰ্থনৈতিক বা ব্যৱসায়িক অভিসন্ধি?                ...

বিশ্বগুৰু’ৰ সপোন বনাম বাস্তৱ - বিজয় পাংগিং

Image
বিশ্বগুৰু’ৰ সপোন বনাম বাস্তৱ - বিজয় পাংগিঙৰ বিশেষ লেখা      ভাৰতবৰ্ষই আজি বিশ্বদৰবাৰত এক মহাশক্তি বা ‘চুপাৰপাৱাৰ’ হিচাপে আত্মপ্ৰকাশ কৰাৰ সপোন দেখিছে। ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য বুকুত বান্ধি দেশ দ্ৰুতগতিৰে আগুৱাই যোৱাৰ দাবী কৰিছে। কিন্তু শেহতীয়া কিছুমান ঘটনাই আমাৰ এই ‘বিশ্বগুৰু’ হোৱাৰ উচ্চাকাংক্ষা আৰু প্ৰকৃত বাস্তৱৰ মাজত থকা ব্যৱধানটো স্পষ্টকৈ উদঙাই দিছে। বিশেষকৈ শেহতীয়া খ্ৰীষ্টমাছ উদযাপনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত যি অসহিষ্ণুতাৰ পৰিৱেশ দেখা গ’ল, সেয়া কেৱল দুৰ্ভাগ্যজনকেই নহয়, বৰঞ্চ অত্যন্ত উদ্বেগজনক।   কিছুদিন আগতে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৰদিনৰ ব্যাপক আয়োজন চলিছিল। কিন্তু এই পবিত্ৰ ক্ষণত বিভিন্ন ঠাইৰ পৰা অহা বাতৰিবোৰে দেশৰ সচেতন নাগৰিকক লজ্জিত কৰি তুলিছে। অসমৰ একাংশ ঠাইত খ্ৰীষ্টমাছ উদযাপনত বাধা প্ৰদান, ইন্দোৰ আৰু ৰায়পুৰত খ্ৰীষ্টমাছৰ সজ্জা লণ্ডভণ্ড কৰা, ফৰিদাবাদত বৰদিনৰ গছ (Christmas Tree) জ্বলাই দিয়া, আনকি লক্ষ্ণৌত আৰক্ষীৰ দ্বাৰা অনুষ্ঠান বন্ধ কৰা বা গীৰ্জাৰ ক্ষতিসাধন কৰাৰ দৰে ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। আনকি কিছু খ্ৰীষ্টান মিছনাৰী স্কুলত বলপূৰ্ব...

আজি দিনটোৰ ৰাশিফল -আজি ১৮ মাৰ্চ, সোমবাৰ । আজি দিনটোৰ ৰাশিফল জানো আহক -

Image
আজি দিনটোৰ ৰাশিফল - আজি ১৮ মাৰ্চ, সোমবাৰ । আজি দিনটোৰ ৰাশিফল জানো আহক -  মেঘ ৰাশি  পাৰ্টি বা পিকনিকৰ আয়োজন কৰিব পাৰি। সুস্বাদু ব্যঞ্জন উপভোগ কৰিব। ছাত্ৰ শ্ৰেণীয়ে সফলতা লাভ কৰিব। ব্যৱসায় বৃদ্ধি হ’ব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। নতুন চিন্তা মনলৈ আহিব। ভাগ্য আপোনাৰ পক্ষত থাকিব। টকা উপাৰ্জন হ’ব। বৃষ ৰাশি দুখৰ খবৰ পাব পাৰে। বাক্যত লঘু শব্দৰ ব্যৱহাৰ পৰিহাৰ কৰক। খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক। পুৰণি ৰোগ এটা পুনৰ হ’ব পাৰে। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। কাম কৰিবলৈ মন নাযাব। আন কিছুমানে আপোনাৰ পৰা অধিক আশা কৰিব আৰু ব্যৱসায় লাভজনক হ’ব। মিথুন ৰাশি প্ৰচেষ্টা সফল হ’ব। সাহস বাঢ়িব। সামাজিক কাম কৰাৰ সুযোগ পাব। সন্মান পাব। ব্যৱসায় বৃদ্ধি হ’ব। বিনিয়োগ শুভ হ’ব। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। আয় বাঢ়িব। কোনো খৰখেদা নাই। প্ৰতিদ্বন্দ্বিতা বাঢ়িব। লাভৱান হ’ব। কৰ্কট দূৰৰ পৰা ভাল খবৰ পোৱা যাব। আত্মবিশ্বাস বাঢ়িব। ৰিস্ক ল’বলৈ সাহস কৰিব পাৰিব। আলহী ঘৰত উপস্থিত হ’ব। সুখ আৰু উৎসাহ থাকিব। ব্যৱসায়ে আকাংক্ষিত লাভ দিব। এলাহৰ প্ৰাধান্য থাকিব। ...

এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী ?

Image
  এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী জানিবলৈ ইয়াত ক্লিক কৰক মুকলি পাছতেই চুপাৰ দুপাৰ হিট হোৱা RRR চিনেমাখনৰ ৰাম চৰণ আৰু NTR ৰ হিন্দীং কোনে কোনে কৰিছে জানিবলৈ ইয়াত ক্লিক কৰক আহক IPL ৰ আজি দিনটোৰ পইন্ট তালিকা