অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা

অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা



গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সদায় হোৱা উচিত নিৰপেক্ষ আৰু জনস্বাৰ্থ সিদ্ধকৰ । কিন্তু সাম্প্ৰতিক ভাৰতীয় প্ৰেক্ষাপটত সংবাদ জগতখন ক্ৰমান্বয়ে কৰ্পৰেট আৰু ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ মূখ্য আহিলা হয় পৰিছে । এই ধাৰাৰ আটাইতকৈ চৰ্চিত মুখগৰাকী হৈছে ‘ৰিপাব্লিক টিভি’ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। বিগত কেইবাবছৰ ধৰি চৰকাৰৰ প্ৰতিটো পদক্ষেপক অন্ধভাৱে সমৰ্থন জনোৱা আৰু চৰকাৰৰ সমালোচকসকলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা এইগৰাকী সাংবাদিকে শেহতীয়াকৈ এক অস্বাভাৱিক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ আৰাৱল্লী পৰ্বতমালাৰ দৰে পৰিৱেশ সংক্ৰান্তীয় স্পৰ্শকাতৰ বিষয় আৰু অন্যান্য ৰাষ্ট্ৰীয় সমস্যাত তেওঁ চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে সচেতন মহলে প্ৰশ্ন তুলিছে— দীৰ্ঘদিন ধৰি চৰকাৰৰ ‘সুৰক্ষা কৱচ’ হৈ থকা অৰ্ণৱ গোস্বামীৰ এই পৰিৱৰ্তন কিবা নৈতিক জাগৰণ নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অৰ্থনৈতিক বা ব্যৱসায়িক অভিসন্ধি?             

   আচলতে এই পৰিঘটনাৰ প্ৰকৃত স্বৰূপ বুজিবলৈ হ’লে আমি প্ৰথমে সকলো আৱেগক পৰিহাৰ কৰি কঠোৰ বাস্তৱ আৰু পৰিসংখ্যাক ভালদৰে বুজিব লাগিব । শেহতীয়াকৈ ভাৰতৰ আগশাৰীৰ ক্ৰেডিট ৰেটিং সংস্থা ‘ICRA’-ই প্ৰকাশ কৰা এক প্ৰতিবেদনে ৰিপাব্লিক টিভিৰ পিতৃ সংস্থা 'ARG Outlier Media'-ৰ বিত্তীয় অৱস্থাৰ এক চিন্তনীয় ছবি উন্মোচন কৰিছে। প্ৰতিবেদন অনুসৰি, ২০২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ মুঠ ৰাজহ (Revenue) আছিল ৩৫১ কোটি টকা, যি ২০২৪ বিত্তীয় বৰ্ষত ৩৯৫ কোটি টকালৈ বৃদ্ধি পাইছিল । আপাত দৃষ্টিত চালে এইয়া এক ব্যৱসায়িক অগ্ৰগতি যেন লাগে, যদিও ব্যৱসায়িক জগতত কেৱল ৰাজহ বৃদ্ধিয়েই সফলতাৰ সকলো মাপকাঠি নহয়। ব্যৱসায়ত কৰ-পৰৱৰ্তী লাভ বা ‘Net Profit’ অতিকৈ জৰুৰী । যিকোনো ব্যৱসায়ত কৰ-পৰৱৰ্তী লাভ বা ‘Net Profit’ উৰ্দ্ধগামী নহলে এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিত্তীয় অগ্ৰগতি পশ্চাৎমূখী বুলি অভিহিত কৰা হয় । বৰ্তমান ICRA’-ৰ তথ্য অনুসৰি ৰিপাব্লিক টিভিৰ পিতৃ সংস্থা 'ARG Outlier Media'-ৰ কৰ-পৰৱৰ্তী লাভ বা ‘Net Profit’ৰ দ্ৰুত অৱনতি ঘটিছে । ২০২৩ বৰ্ষত কোম্পানীটোৰ লাভৰ পৰিমাণ আছিল ১৯ কোটি টকা, এতিয়া সেইয়া ২০২৪-২৫ বৰ্ষত প্ৰায় ৫০ শতাংশ হ্ৰাস পাই মাত্ৰ ৯.৮ কোটি টকা হল । অৰ্থাৎ, তেওলোকৰ লাভৰ পৰিমান প্ৰায় ১০ কোটি টকালৈ হ্ৰাস পাইছে।

  এজন সংবাদ উদ্যোগী হিচাপে অৰ্ণৱ গোস্বামীৰ বাবে এই পৰিসংখ্যা কেৱল অৰ্থনৈতিক লোকচানেই নহয়, বৰং এক পেছাদাৰী অপমানো। বৰ্তমানৰ সংবাদ বজাৰত, চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা আন এক চেনেলৰ এংকৰ সুধীৰ চৌধুৰীয়ে বাৰ্ষিক ১৫ কোটি টকাৰ পেকেজৰ দৰমহা লাভ কৰে । তাৰ বিপৰীতে, এটা বিশাল আন্তঃৰাষ্ট্ৰীয় মানৰ সংবাদ প্ৰতিষ্ঠান চলোৱা অৰ্ণৱ গোস্বামীৰ কোম্পানীৰ বছৰজোৰা লাভ ১০ কোটি টকাৰো তলত। নিজৰ সমসাময়িক বা তেওঁতকৈ তলত কাম কৰিবলগীয়া এংকৰৰ দৰমহা যেতিয়া তেওঁৰ কোম্পানীৰ লাভতকৈ বেচি হয় তেন্তে অৰ্নৱৰ দৰে উচ্চাকাংক্ষী ব্যক্তিৰ বাবে গভীৰ হতাশা আৰু ক্ষোভৰ কাৰণ হোৱাটো তেনেই স্বাভাৱিক । তদুপৰি, বৰ্তমানৰ বিজ্ঞাপন জগতৰ পৰিৱৰ্তিত ধাৰাও পৰম্পৰাগত দূৰদৰ্শন সংবাদ মাধ্যমৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। বৰ্তমানৰ ডিজিটেল যুগত কৰ্পৰেট সংস্থাসমূহে টেলিভিছনৰ চিঞৰ-বাখৰতকৈ ইউটিউব বা ছচিয়েল মিডিয়াৰ ‘ডিজিটেল এডভাৰ্টাইজিং’ত বিনিয়োগ কৰিবলৈ বেছি আগ্ৰহী। ইয়াৰ পোনপটীয়া নেতিবাচক প্ৰভাৱ ৰিপাব্লিক টিভিৰ দৰে চেনেলৰ ‘প্ৰফিট মাৰ্জিন’ত পৰিছে। আনহাতে, অৰ্ণৱ গোস্বামীয়ে নিজৰ সংবাদ গোষ্ঠীৰ সম্প্ৰসাৰণৰ বাবে যি বিশাল আৰু অত্যাধুনিক ষ্টুডিঅ’ নিৰ্মাণ কৰিছে, তাৰ বাবে লোৱা ঋণৰ বোজাও ক্ৰমান্বয়ে অসহনীয় হৈ পৰিছে। তথ্য অনুসৰি, ২০২৬ বিত্তীয় বৰ্ষত তেওঁ প্ৰায় ২০ কোটি টকা কেৱল ঋণৰ কিস্তি (EMI) পৰিশোধ কৰিব লাগিব। লাভৰ অংক ক্ৰমাগতভাৱে হ্ৰাস পোৱা আৰু ঋণৰ চাপ তীব্ৰতৰ হোৱা— এই দুয়োটাৰ মাজত চেপা খাই অৰ্ণৱৰ সাম্ৰাজ্য এতিয়া সংকটৰ গৰাহত।

   কৰ্পৰেট জগত আৰু ৰাজনীতিৰ সম্পৰ্ক সদায় লেনদেনৰ ওপৰত চলে । সংবাদ ব্যৱসায়ৰ এক অলিখিত নিয়ম এয়ে যে, যেতিয়াই ব্যৱসায়িৰ লাভালাভ নিম্নগামী হয়, তেতিয়াই শাসকীয় পক্ষৰ সৈতে থকা সম্পৰ্কৰ ‘পুনৰ-আলোচনা’ বা 'Renegotiation' প্ৰক্ৰিয়া আৰম্ভ কৰে । অৰ্ণৱ গোস্বামীয়ে বৰ্তমান চৰকাৰৰ বিৰুদ্ধে যি আক্ৰমণাত্মক ভূমিকা লৈছে, তাক সাংবাদিকতাৰ নৱজাগৰণ বুলি ভৱাটো মুঠেই সমিচিন নহয় । বৰঞ্চ, ই এক সুপৰিকল্পিত ‘চাপ সৃষ্টিৰ কৌশল’ (Pressure Tactic) বুলি অনুমান কৰিব পাৰি । তেওঁ এই আক্ৰমণৰ জড়িয়তে চৰকাৰক এই বাৰ্তাই দিব বিচাৰিছে যে তেওঁৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ এতিয়াও অটুট আছে, আৰু প্ৰয়োজনত তেওঁ চৰকাৰৰ বাবে মূৰৰ কামোৰণি হ’ব পাৰে। এই কৌশলৰ জৰিয়তে তেওঁ হয়তো চৰকাৰৰ পৰা অধিক বিজ্ঞাপন, আৰ্থিক সুবিধা বা আন কোনো ধৰণৰ ৰাজনৈতিক সহায় আশা কৰিছে। যেতিয়াই এই দৰ-দাম বা ‘নেগোচিয়েশ্যন’ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বা যেতিয়া তেওঁৰ ব্যৱসায়িক ভৱিষ্যত সুৰক্ষিত হ’ব, তেতিয়াই হয়তো আমি পুনৰ আগৰ সেই চৰকাৰপন্থী অৰ্ণৱ গোস্বামীক দেখিবলৈ পোৱাৰ সম্ভাৱনা একেবাৰেই অধিক ।


Comments