ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয পাংগিং

ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয় পাংগিঙৰ বিশেষ লেখা ।



​শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিজ্নৌৰৰ এখন মন্দিৰত এক আচৰিত ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে । বিজ্নৌৰৰ মন্দিৰত সংঘটিত হোৱা এই ঘটনাই আমাৰ সমাজত শিপাই থকা অন্ধবিশ্বাসৰ গভীৰতা'ক চুড়ান্ত ভাৱে উদঙাই দিছে । ঘটনাটো আছিল এনেধৰণৰ— বিজ্নৌৰৰ এখন মন্দিৰৰ চৌহদত এটা কুকুৰে এক নিৰ্দিষ্ট স্থানক কেন্দ্ৰ কৰি অবিৰামভাৱে ঘূৰি আছিল। প্ৰথমতে তাত উপস্থিত থকা কেইজনমান লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰিছিল । দৃশ্যটো দেখি প্ৰথমে তেওলোকে সাধাৰণ বুলি আওকান কৰিছিল । কিন্তু কুকুৰটোৱে অকণো নোৰোৱাকৈ বাৰে বাৰে একে ঠাইতে ঘূৰি থকা দেখি মানুহবোৰ আচৰিত হ’ল আৰু তেওঁলোকৰ মনত কৌতুহলৰ সৃষ্টি হ’ল। ​লাহে লাহে মানুহৰ ভিৰ বাঢ়িল আৰু কুকুৰটোৰ এই নেৰা-নেপেৰা ঘূৰণ দেখি এই ভিৰৰ পৰা দুই এজন দৰ্শনাৰ্থীয়ে ইয়াৰ লগত ঈশ্বৰীয় সম্পৰ্ক আছে  বুলি ভাৱিলে । এনেদৰে দুই একৰ এই ধাৰনাটো লাহে লাহে গভীৰ হৈ পৰিল । পাছলৈ উপস্থিত লোকসকলে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণৰ কোনো বৈজ্ঞানিক বা চিকিৎসাশাস্ত্ৰৰ কাৰণ বিচৰাৰ সলনি আৱেগিক হৈ কুকুৰটো "ঈশ্বৰৰ দূত" বুলি ভৱা আৰম্ভ কৰিলে । এনেদৰে যেতিয়া মানুহবোৰে ভাৱিলে তেতিয়া মূহুৰ্ততে মানুহবোৰ প্ৰচাৰ কৰিলে যে কুকুৰটোৰ গাত "অলৌকিক শক্তি" আছে বা ই ভক্তিভাৱে "ঈশ্বৰক প্ৰদক্ষিণ" কৰি আছে। 

​মুহূৰ্তৰ ভিতৰতে খবৰটো বিয়পি পৰিল আৰু কুকুৰটো মানুহৰ বাবে এক "ঈশ্বৰৰ ৰূপ" হৈ পৰিল। মানুহে শাৰী পাতি কুকুৰটোৰ পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে আৰু ফুল-প্ৰসাদ আগবঢ়াব ধৰিলে । এনেদৰে কেইবাদিনো চলিল । কিন্তু যেতিয়া এদিন এজন চিকিৎসকে কুকুৰটোক পৰীক্ষা কৰি চালে তেতিয়া সকলো ৰহস্য ওলাই পৰিল ।   এজন পশু চিকিৎসকে এই কুকুৰটো পৰীক্ষা কৰিলত পোহৰলৈ আহিল যে কুকুৰটো কোনো আধ্যাত্মিক কাৰণত নহয়, বৰঞ্চ এক জটিল স্নায়ুজনিত ৰোগ অৰ্থাৎ Neurological Disorderত আক্ৰান্ত । যাৰ বাবে এই ৰুগীয়া কুকুৰটো যন্ত্ৰণাত তেনেদৰে ঘূৰিছিল মন্দিৰটোৰ চাৰিওফালে । মুলতঃ যিটো জীৱক এই সময়ত জৰুৰী আছিল উচিত চিকিৎসাৰ তেনে সময়ত আমাৰ সমাজে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কুকুৰটোক কৰিলে পূজা । আটাইবোৰে ইশ্বৰৰ দূত বুলি ভয়ত দীঘল দি কৰিলে সেৱা । আচলতে এই ঘটনাই আমাৰ সমাজত কেৱল এটা বাতৰিয়েই হয় নৰল, বৰং ই হয় পৰিল আমাৰ সমাজৰ মানসিক দেউলিয়া অৱস্থাৰ এক জীৱন্ত দলিল ।

​আজিৰ একবিংশ শতিকাত যেতিয়া বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰবোৰে মঙল গ্ৰহত মানুহৰ বসতি স্থাপনৰ পৰিকল্পনা কৰিছে, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু কোৱাণ্টাম কম্পিউটিঙৰ জৰিয়তে পৃথিৱী সলনি কৰাৰ দৌৰত আগবাঢ়িছে, ঠিক সেই একে সময়তে আমাৰ সমাজৰ এক বৃহৎ লোকে অন্ধবিশ্বাসৰ অন্ধকাৰ নৈ'ত সাতুৰি নাদুৰি খক্ বকাই ফুৰিছে । বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম শিখৰত আৰোহণ কৰাৰ সময়তো বিজ্নৌৰ দৰে ঘটনাই প্ৰমাণ কৰে যে আমাৰ সমাজৰ চিন্তাধাৰা আজিও কিমান পিছপৰা । দুখৰ বিষয় এয়াই যে, আমি ৰোগক চিনাক্ত কৰিব নোৱাৰি তাক ধৰ্মৰ আৱৰণেৰে ঢাকি পেলাওঁ আৰু বিজ্ঞানক আৱেগৰ দ্বাৰা পৰাজিত কৰিবলৈ চেষ্টা কৰোঁ।

​এই পৰিস্থিতিৰ বাবে কেৱল নিৰক্ষৰ বা সহজ-সৰল মানুহখিনিক দোষ দিলেই সমস্যাৰ সমাধান নহ’ব। আচলতে এই নিৰক্ষৰ লোকবোৰৰ আছে ঈশ্বৰৰ প্ৰতি এক নিৰ্ভেজাল ভক্তি । আৰু  তেওঁলোকৰ এই সৰলতাৰে সুযোগ গ্ৰহণ কৰে এচাম চতুৰ "ধৰ্মৰ ব্যৱসায়ীয়ে", যিসকলক আমি সমাজত ‘বাবা’ বা ‘গুৰু’ বুলি সম্বোধন কৰো । এই ভণ্ড 'বাবা'বিলাকে সমাজখনক মানসিকভাৱে এনেদৰে গোলাম কৰি পেলাইছে যে মানুহে নিজৰ নূন্যতম বিবেক-বুদ্ধিও হেৰুৱাই পেলাইছে। তেওলোকে সমাজত এনে এক পৰিৱেশ সৃষ্টি কৰে যে য’ত তেওলোকৰ কোনোবাই চিগাৰেট হুপি বা কোনোবা অদ্ভুত ভেশচন ধৰি মানুহৰ সমস্যা সমাধানৰ নাটক কৰে ।

​বৰ্তমান সময়ত এই সমগ্ৰ ব্যৱস্থাটোৰ আটাইতকৈ কদৰ্য আৰু আমোদজনক দিশটো হ’ল অৰ্থনৈতিক চিত্ৰখন । ভাৰতবৰ্ষৰ দৰে এখন দেশ, য’ত ৮০ শতাংশ জনতাই চৰকাৰী বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লগা হয়, সেইখন দেশতে ধীৰেন্দ্ৰ শাস্ত্ৰী, প্ৰেমানন্দ বা সতৱা বাবাৰ দৰে ব্যক্তিসকলে অত্যন্ত বিলাসী জীৱন যাপন কৰে। তেওঁলোকৰ যাতায়তৰ বাবে ব্যৱহাৰ হয় হেলিকপ্টাৰ আৰু ৩-৪ কোটি টকীয়া ‘পৰ্শ্বে’ (Porsche) বা অন্য দামী বাহন। তেওঁলোকৰ জীৱনশৈলী বলীউডৰ তাৰকাতকৈ কোনো গুণে কম নহয়। ​কিন্তু, এই বাবাসকলৰ যে ভৰিত পৰি সেৱা কৰি থাকে এই ভক্তসকলৰ অৱস্থা কি হয় তাক বাবা সকলে দৃষ্টি ৰাখেনে ? ভক্ত সকলৰ গাত পিন্ধিবলৈ ভাল কাপোৰ এযোৰ নাথাকে, মাহে ১০-১২ হাজাৰ টকা উপাৰ্জনৰ বাবে তেওঁলোকে হাড়ভঙা পৰিশ্ৰম কৰে আৰু তেওঁলোকৰ সন্তানসকলে ভাল শিক্ষাৰ পৰা সদায় বঞ্চিত হয় । এই দৰিদ্ৰ জনতাৰ কষ্টৰ ধনেৰে বাবাবোৰে বিলাসিতাৰ প্ৰসাদ সাজে, কিন্তু তাৰ বিনিময়ত এই ভক্ত সকলে লাভ কৰে কেৱল মিছা প্ৰতিশ্ৰুতি আৰু অন্ধবিশ্বাসৰ বিশাল কদৰ্য পাহাৰ।

মূলতঃ ​ধৰ্মৰ নামত চলা এই অপ-সংস্কৃতিবোৰ আজিৰ তাৰিখত আটাইতকৈ এক চিন্তনীয় বিষয় হয় পৰিছে । কিয়নো ধৰ্মৰ নামত আজিও নদীত বা শিৱলিঙ্গত লাখ লাখ লিটাৰ গাখীৰ ঢালি দিয়া হয়, অথচ দেশৰ লাখ লাখ শিশুৱে পুষ্টিহীনতাত ভুগি মৃত্যুবৰণ কৰে। গৰুৰ পোৱালীয়েও গো-মূত্ৰ বৰ্জনীয় খাদ্য বুলি জানি গো-মূত্ৰৰ পৰা বিদূৰত থাকে অথচ বৰ্তমান ধৰ্মৰ নামত অন্ধ কিছুয়ে গো-মূত্ৰ পান কৰাটো ভক্তিৰ লক্ষণ বুলি প্ৰচাৰ কৰে । ধৰ্মই কেতিয়াও মানুহক অন্ধ হ’বলৈ বা বিজ্ঞানবিৰোধী হ’বলৈ শিকোৱা নাছিল। কিন্তু বৰ্তমানৰ ‘ধৰ্মৰ বেপাৰী’ সকলে ধৰ্মক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিলে ।

 আচলতে এই ক্ষেত্ৰত ধৰ্মৰ নামত চলা ​এই ভণ্ডামিৰ জুইত ঘিউ ঢলাৰ আটাইতলৈ ডাঙৰ কামটো কৰে আমাৰ ৰাজনৈতিক নেতাসকলে। যেতিয়া দেশৰ শীৰ্ষস্থানীয় নেতা- মন্ত্ৰী সকলে এই ভণ্ড বাবাসকলৰ চৰণত আশ্ৰয় লয় বা তেওঁলোকক মুকলিকৈ সমৰ্থন কৰে, তেতিয়া সাধাৰণ ৰাইজৰ মাজলৈ এক সাংঘাটিক ভুল বাৰ্তা যায়। তেওঁলোকে ভাবে— "যদি দেশ চলোৱা ডাঙৰ মানুহজনেই এই বাবাক মানিছে, তেন্তে নিশ্চয় ই সত্য।" বৰ্তমান এই ৰাজনৈতিক কাৰ্যই সমাজত অন্ধবিশ্বাসক জীয়াই ৰাখিছে আৰু বিজ্ঞানমনস্কতা গঢ়ি তোলত বাধা প্ৰদান কৰিছে। ​চীন, আমেৰিকা বা ইউৰোপৰ সৈতে ফেৰ মাৰিবলৈ হ’লে আমাক কেৱল অৰ্থনৈতিক উন্নয়ন, ডাঙৰ অট্টালিকা বা 'ডিজিটেল ইণ্ডিয়া'ৰ শ্ল’গান আদিৰহে প্ৰয়োজন নাই; আমাক আটাইতকৈ বেছি প্ৰয়োজন এক "বৈজ্ঞানিক মানসিকতা"ৰ । যিদিনা আমাৰ মানুহে কুকুৰৰ অস্বাভাৱিক আচৰণক 'চমৎকাৰ' বুলি নাভাবি 'বেমাৰ' বুলি ভাবিবলৈ শিকিব, যিদিনা হাড়ভঙা পৰিশ্ৰমেৰে উপাৰ্জনৰ ধন ভণ্ড বাবাক নিদি নিজৰ সন্তানৰ শিক্ষা আৰু পুষ্টিকৰ খাদ্যত খৰচ কৰিব, সেইদিনাহে আমি প্ৰকৃততে বিশ্বৰ দৰবাৰত মূৰ তুলি থিয় হ’ব পাৰিম। নহ’লে আমি সদায় ধৰ্মৰ বাটেৰে উন্নতিৰ সপোন দেখুওৱা ৰাজনৈতিক নেতাৰ কথা শুনিলে কেৱল আমি বাস্তৱত হৈ থাকিম অন্ধবিশ্বাস আৰু ভণ্ডামিৰ দাস ।

Comments