গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং
যিকোনো এখন সুস্থিৰ আৰু সচেতন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সঠিক তথ্য আৰু নিৰপেক্ষ সংবাদৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, যাৰ মূল দায়িত্ব হ'ল সমাজৰ দাপোণ হিচাপে কাম কৰা আৰু জনসাধাৰণক সত্যৰ পথ প্ৰদৰ্শন কৰা। কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ এক বৃহৎ অংশই নিজৰ এই মূল আদৰ্শৰ পৰা বিচ্যুত হৈ যি এক ভয়াবহ দিশলৈ গতি কৰিছে, সেয়া সমগ্ৰ সমাজ ব্যৱস্থাৰ বাবেই এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে।
বৰ্তমানৰ মূলসুঁতিৰ সংবাদ মাধ্যম, যাক বহুতে 'গোদী মিডিয়া' বুলিও অভিহিত কৰে, তেওঁলোকৰ বাবে বাতৰি এতিয়া হয় পৰিছে কেৱল এক পন্য। 'ব্ৰেকিং নিউজ'ৰ নামত চলি থকা তীব্ৰ প্ৰতিযোগিতাই সাংবাদিকতাৰ নৈতিকতাক তল পেলাইছে। খবৰ এটা সঁচা নে মিছা, সেইটো ফঁহিয়াই চোৱাতকৈ কোনে কিমান সোনকালে তাক প্ৰচাৰ কৰিব পাৰে, তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছে । এই প্ৰক্ৰিয়াত প্ৰায়ে আধা-সঁচা তথ্য, পুৰণি ভিডিঅ', আনকি সম্পূৰ্ণ ভুৱা খবৰকো নতুন মেৰপেচ দি দৰ্শকৰ আগত পৰিৱেশন কৰা হয়। মুঠতে সত্যৰ অন্বেষণৰ ঠাইত এতিয়া দখল কৰিছে টিআৰপিৰ অংকই ।
বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জটিল ভূ-ৰাজনৈতিক সংঘাত, যেনে মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিক, বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চোৱাৰ পৰিৱৰ্তে এক ধৰণৰ সস্তীয়া নাটক বা মনোৰঞ্জনৰ ৰূপত উপস্থাপন কৰা হৈছে। ষ্টুডিঅ'ৰ ভিতৰত কৃত্ৰিম ছাইৰেন বজাই, ৰঙা-নীলা গ্ৰাফিক্স আৰু উচ্চ স্বৰৰ চিঞৰ-বাখৰৰ জৰিয়তে দৰ্শকৰ মনত এক কৃত্ৰিম আতংক আৰু উত্তেজনাৰ সৃষ্টি কৰা হৈছে। ইতিহাসৰ সঠিক অধ্যয়ন আৰু তথ্যৰ ওপৰত ভিত্তি কৰি আলোচনা কৰাৰ পৰিৱৰ্তে, যুদ্ধৰ দৰে স্পৰ্শকাতৰ বিষয় এটাক গ্ৰহ-নক্ষত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ যোগেদি ব্যাখ্যা কৰাৰ যি প্ৰয়াস, সেয়া সংবাদ মাধ্যমৰ বৌদ্ধিক দৈন্যতাৰেই পৰিচায়ক। সিফালে ইয়াতকৈয়ো ভয়ংকৰ কথাটো হ'ল সংবাদ মাধ্যমৰ দ্বাৰা ইচ্ছাকৃতভাৱে কৰা সমাজৰ মেৰুকৰণ। সাধাৰণ মানুহৰ আবেগ আৰু আৱেগিক শব্দবোৰক, যেনে ধৰ্মীয় শ্লোগানসমূহক, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি তাক সন্ত্ৰাস বা যুদ্ধৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত সমাজত পাৰস্পৰিক বিশ্বাস আৰু সম্প্ৰীতি বিনষ্ট হৈছে আৰু ঘৃণাৰ বীজ অংকুৰিত হৈছে।
সংবাদ মাধ্যমৰ এই স্খলনৰ বাবে কেৱল চেনেল কৰ্তৃপক্ষই দায়ী নহয়, দৰ্শক হিচাপে সমাজৰো এক বৃহৎ অংশ দায়ী। আমি যিটো বস্তু চাওঁ, যিটো কথাত আমি গুৰুত্ব দিওঁ, সংবাদ মাধ্যমে তাকেই আমাক বেছিকৈ দেখুৱাবলৈ যত্ন কৰে। চাঞ্চল্য আৰু নাটকীয়া বাতৰিক আমি চোৱাৰ বাবে আমি নিজে তেওলোকক টিআৰপি প্ৰদান কৰা লগতে আমি নিজেই এই অপ-সাংবাদিকতাক উৎসাহিত কৰিছোঁ। সেয়েহে, এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে দৰ্শকৰ মানসিকতাৰ পৰিৱৰ্তন নিতান্তই প্ৰয়োজনীয়।
দেখা যায় যে "দুৰ্ঘটনাতকৈ পলমেই ভাল"— এই আপ্তবাক্যশাৰী সাংবাদিকতাৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য। দ্ৰুততাৰে ভুল খবৰ পোৱাতকৈ, পলমকৈ হ'লেও সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য পোৱাটোহে জ্ঞানী সমাজৰ লক্ষণ। দৰ্শকে যেতিয়া তথ্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদৰ প্ৰতিহে সমৰ্থন আগবঢ়াব, তেতিয়াহে এই দায়িত্বহীন সংবাদ মাধ্যমবোৰ নিজৰ ভুল শুধৰাবলৈ বাধ্য হ'ব। সমাজত সুস্থ বাতাৱৰণ ঘূৰাই আনিবলৈ হ'লে আমি সকলোৱে এজন সচেতন আৰু দায়িত্বশীল সংবাদ গ্ৰাহক হোৱাটো বৰ্তমান সময়ৰ আহ্বান।

Comments
Post a Comment