অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ? - বিজয় পাংগিং
অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ?
অসমৰ ৰাজনীতি বৰ্তমান এক জটিল সন্ধিক্ষণত উপনীত হৈছে। যিখন ৰাজ্যত বিদেশী সমস্যা সমাধানৰ বাবে ঐতিহাসিক আন্দোলন হৈছিল, যিখন ৰাজ্যৰ ৮৫৫ জন শ্বহীদে বিদেশীমুক্ত অসমৰ সপোন দেখি প্ৰাণ আহুতি দিছিল, সেইখন ৰাজ্যত এতিয়া সমস্যা সমাধানৰ নামত চলিছে কেৱল এক সস্তীয়া ভাওনা। অসমত অবৈধ বিদেশী থকাটো কোনো এক নতুন আৱিষ্কাৰ নহয়; ই এক নিৰ্মম সত্য। সংসদত দিয়া তথ্যমতেই প্ৰায় ৫০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অসমে কঢ়িয়াই লৈ ফুৰিছে। অথচ আজিকোপতি কোনো এক চৰকাৰে এই বোজা পাতল কৰিবলৈ চেষ্টা কৰা নাই । তাৰ সলনি ১৯৮৫ ৰ পৰা আজিলৈকে প্ৰতিখন চৰকাৰে অসমৰ ৰাইজক চূড়ান্ত অন্যায় কৰি বাৰে বাৰে কৰি আছে শ্লোগানেৰে হুলস্থূল আৰু আৱেগৰ ৰাজনীতি ।
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ অন্তৰালৰ দৰ্শন আছিল স্পষ্ট— বিদেশীমুক্ত অসম। কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাক দোহাই দি সমগ্ৰ ভাৰতত ১৯৫১ চনটো ভিত্তি বৰ্ষ হোৱাৰ বিপৰীতে, কেৱল অসমৰ ওপৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ বোজা জাপি দিয়া হ'ল। অসমীয়া জাতিয়ে এই ঐতিহাসিক অন্যায় মানি লৈছিল কেৱল এটা চৰ্তত— অসম চুক্তিৰ ৬ নং দফা। এই দফা আছিল আমাৰ সুৰক্ষা কৱচ। আমাক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে বিধানসভা, লোকসভা আৰু চৰকাৰী চাকৰিত থলুৱা অসমীয়াৰ বাবে আসন সংৰক্ষিত থাকিব। আমাৰ ভাষা-সংস্কৃতি সুৰক্ষিত থাকিব।
কিন্তু আজি ৪০ বছৰ পাৰ হ’ল । আজিও কাৰ্যকৰী নহল সেই ৬ নং দফা । আজিও চৰকাৰী ফাইলৰ কোনোবা চুকৰ লাল ফিতাৰ ভিতৰত আৱদ্ধ হৈ ৰল বিপ্লৱ শৰ্মাৰ আয়োগে দিয়া প্ৰতিবেদন । ৬ নং দফা অনুসৰি ৮০ শতাংশ আসন সংৰক্ষণৰ আশ্বাস দিয়া হৈছিল । কিন্তু এই আশ্বাসক ধুলিৎসাত কৰি প্ৰতিটো চৰকাৰে দি আহিছে কেৱল উপেক্ষা আৰু বিশ্বাসঘাটকতা ।
বিদেশী বহিষ্কাৰৰ বিষয়ক লৈ
বৰ্তমান শাসকীয় চৰকাৰৰ কথালৈকে মন কৰক। বৰ্তমান শাসকীয় দলৰ ডাবল ইঞ্জিনৰ চৰকাৰ আছে । তেওলোকৰ হাতত পুলিচ আছে, প্ৰশাসন আছে, সীমান্ত সুৰক্ষা বাহিনী (BSF) আছে, আৰু ক্ষমতা আছে। তেওঁলোকে বিচাৰিলে আইনগতভাৱে ২৪ ঘণ্টাৰ ভিতৰত অবৈধ বিদেশীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু আচৰিত কথা যে, তেওলোকে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰাৰ সলনি, বৰ্তমান উজনি অসমৰ কিছুমান আৱেগিক যুৱকক লাঠী লৈ 'মিঞা খেদা'ৰ বাবে উচতাই দিছে। এনেকুৱা লাগিছে যেন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে যুদ্ধৰ বাবে সেনাবাহিনী পঠোৱাৰ সলনি গাঁৱৰ ৰাইজক দা-কুঠাৰ লৈ সীমান্তলৈ পঠিয়াইছে । যিখন চৰকাৰে বিগত ২০১৭ চনৰ পৰা ২০২৩ চনলৈ— এই সুদীৰ্ঘ পাঁচ বছৰত— মাত্ৰ কেওচেৰেক বিদেশীকহে বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, সেইখন চৰকাৰে সংন্দেহ যুক্ত নাগৰিকৰ ৰিক্সা ভাড়া ৫ টকাৰ সলনি ৪ টকা দি বিদেশী সমস্যা নিৰ্মূল কৰাৰ সপোন দেখে । এইখন চৰকাৰে উজনি অসমৰ কিছু সংগঠনৰ দ্বাৰা দুখনমান চাইকেল ৰিক্সা বগৰাই বা কেইজনমান শ্ৰমিকক ভাবুকি প্ৰদান কৰি ৫০ লাখ বিদেশী খেদাৰ সপোন দেখে । নহয়নে বাৰু হাস্যকৰ !
আচলতে অসমৰ এই বিদেশীৰ সমস্যাতো কি কংগ্ৰেছ, কি বিজেপি, সকলোৰে কাৰ্যকালত সমস্যাটো একেই আছে, মাত্ৰ সলনি হৈছে কেৱল ৰাজনৈতিক শ্লোগান। কংগ্ৰেছৰ দিনত বিদেশীমুক্ত অসমৰ সপোন দেখুৱালে, বিজেপিৰ দিনত 'জাতি-মাটি-ভেটি'ৰ কথা ক’লে, 'মোগল'ৰ বিৰুদ্ধে যুদ্ধও ঘোষণা কৰিলে লগতে শৰাইঘাট'ৰ শেষ ৰণো পাতিলে, অথচ বিদেশী মুক্ত নহল অসম । আৰু এতিয়া বৰ্তমাম ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বজাৰত নতুন 'মিঞা খেদা'ৰ শ্লোগানেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ খোজকাৱাজ চলিছে । আচলতে এইবোৰ একো একোটা নিৰ্বাচনী কৌশল মাত্ৰ। ইয়াৰ উদ্দেশ্য এটাই— অসমীয়াৰ আৱেগক ব্যৱহাৰ কৰি ক্ষমতাৰ গাদী দখল কৰা। কাম একো নকৰাকৈ কেৱল ভয় আৰু ঘৃণাৰ বজাৰ সৃষ্টি কৰি নিৰ্বাচন জিকাৰ কৌশল এইয়া ।
মুলতঃ বৰ্তমান সময়ত ৰাজপথত দুটা চিঞৰ মাৰিলে বা দুখন বেনাৰ লগালেই জাতি সুৰক্ষিত নহয়। শিৱসাগৰত কোনোবা বিহাৰী বা বংগমূলৰ শ্ৰমিকক ধমক দিলেই খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা নহয়। ইয়াৰ প্ৰকৃত সমাধান যদি বিচাৰে তেন্তে কৰিব লাগিব - এন.আৰ.চি.ৰ শুদ্ধিকৰণ, ভোটাৰ তালিকা সংশোধন, সীমান্ত সম্পূৰ্ণ ছীল, আৰু ৬ নং দফাৰ ৰূপায়ণ ।
লক্ষণীয় যে এই ক্ষেত্ৰত বৰ্তমান অসমীয়া ৰাইজেও আৱেগৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা প্ৰয়োজন আহি পৰিছে । এতিয়া আৱেগক পৰিহাৰ কৰি অমসীয়া ৰাইজে বুজা উচিত যে - যিসকল নেতাই আজি 'মিঞা খেদা'ৰ নামত অসমীয়া ডেকাক উচতাই দিছে, এইয়া প্ৰকৃত সমস্যা সমাধানৰ বাবে কৰা তেওলোকৰ কাৰ্যপন্থা নহয় , এইয়া প্ৰকৃততে তেওলোকৰ নিজৰ চৰকাৰী ব্যৰ্থতা লুকুৱাবলৈ কৰা চেষ্টাহে । আমি ৰাইজে এতিয়া জনা উচিত যে অসমক বিদেশীমুক্ত কৰিবলৈ চৰকাৰী সদিচ্ছাৰহে প্ৰয়োজন, চচিয়েল মেডিয়াত আস্ফালন বা ৰাজপথৰ নাটকৰ প্ৰয়োজন নাই । যদি চৰকাৰে সঁচাকৈয়ে জাতিৰ কথা ভাবে, তেন্তে তেওঁলোকে সাংবিধানিক দায়িত্ব পালন কৰক। আইন প্ৰয়োগ কৰক। অন্যথা, প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সলনি হোৱা এই 'শ্লোগানৰ ৰাজনীতি'য়ে অসমীয়া জাতিক নিঃশেষ কৰি পেলাব, আৰু আমি কেৱল হাতত লাঠী লৈ কাল্পনিক শত্ৰুৰ পাছত দৌৰি ফুৰা এক অসংগবদ্ধ ভীৰত পৰিণত হ'ম। সময় এতিয়াও আছে, ৰাইজে প্ৰশ্ন কৰক— বিদেশী খেদিবলৈ তোমালোকক চৰকাৰ দিছিলো, তোমালোকে আমাক লাঠী দিছা কিয়?
Comments
Post a Comment