Posts

Showing posts from January, 2026

ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয পাংগিং

Image
ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয় পাংগিঙৰ বিশেষ লেখা । ​শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিজ্নৌৰৰ এখন মন্দিৰত এক আচৰিত ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে । বিজ্নৌৰৰ মন্দিৰত সংঘটিত হোৱা এই ঘটনাই আমাৰ সমাজত শিপাই থকা অন্ধবিশ্বাসৰ গভীৰতা'ক চুড়ান্ত ভাৱে উদঙাই দিছে । ঘটনাটো আছিল এনেধৰণৰ— বিজ্নৌৰৰ এখন মন্দিৰৰ চৌহদত এটা কুকুৰে এক নিৰ্দিষ্ট স্থানক কেন্দ্ৰ কৰি অবিৰামভাৱে ঘূৰি আছিল। প্ৰথমতে তাত উপস্থিত থকা কেইজনমান লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰিছিল । দৃশ্যটো দেখি প্ৰথমে তেওলোকে সাধাৰণ বুলি আওকান কৰিছিল । কিন্তু কুকুৰটোৱে অকণো নোৰোৱাকৈ বাৰে বাৰে একে ঠাইতে ঘূৰি থকা দেখি মানুহবোৰ আচৰিত হ’ল আৰু তেওঁলোকৰ মনত কৌতুহলৰ সৃষ্টি হ’ল। ​লাহে লাহে মানুহৰ ভিৰ বাঢ়িল আৰু কুকুৰটোৰ এই নেৰা-নেপেৰা ঘূৰণ দেখি এই ভিৰৰ পৰা দুই এজন দৰ্শনাৰ্থীয়ে ইয়াৰ লগত ঈশ্বৰীয় সম্পৰ্ক আছে  বুলি ভাৱিলে । এনেদৰে দুই একৰ এই ধাৰনাটো লাহে লাহে গভীৰ হৈ পৰিল । পাছলৈ উপস্থিত লোকসকলে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণৰ কোনো বৈজ্ঞানিক বা চিকিৎসাশাস্ত্ৰৰ কাৰণ বিচৰাৰ সলনি আৱেগিক হৈ কুকুৰটো "ঈশ্বৰৰ দূত" বুলি ভৱা আ...

অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা

Image
অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সদায় হোৱা উচিত নিৰপেক্ষ আৰু জনস্বাৰ্থ সিদ্ধকৰ । কিন্তু সাম্প্ৰতিক ভাৰতীয় প্ৰেক্ষাপটত সংবাদ জগতখন ক্ৰমান্বয়ে কৰ্পৰেট আৰু ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ মূখ্য আহিলা হয় পৰিছে । এই ধাৰাৰ আটাইতকৈ চৰ্চিত মুখগৰাকী হৈছে ‘ৰিপাব্লিক টিভি’ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। বিগত কেইবাবছৰ ধৰি চৰকাৰৰ প্ৰতিটো পদক্ষেপক অন্ধভাৱে সমৰ্থন জনোৱা আৰু চৰকাৰৰ সমালোচকসকলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা এইগৰাকী সাংবাদিকে শেহতীয়াকৈ এক অস্বাভাৱিক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ আৰাৱল্লী পৰ্বতমালাৰ দৰে পৰিৱেশ সংক্ৰান্তীয় স্পৰ্শকাতৰ বিষয় আৰু অন্যান্য ৰাষ্ট্ৰীয় সমস্যাত তেওঁ চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে সচেতন মহলে প্ৰশ্ন তুলিছে— দীৰ্ঘদিন ধৰি চৰকাৰৰ ‘সুৰক্ষা কৱচ’ হৈ থকা অৰ্ণৱ গোস্বামীৰ এই পৰিৱৰ্তন কিবা নৈতিক জাগৰণ নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অৰ্থনৈতিক বা ব্যৱসায়িক অভিসন্ধি?                ...