Posts

Showing posts from March, 2026

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং

Image
 গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংকট: সংবাদ মাধ্যমত সত্যৰ অপলাপ - বিজয় পাংগিং যিকোনো এখন সুস্থিৰ আৰু সচেতন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সঠিক তথ্য আৰু নিৰপেক্ষ সংবাদৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, যাৰ মূল দায়িত্ব হ'ল সমাজৰ দাপোণ হিচাপে কাম কৰা আৰু জনসাধাৰণক সত্যৰ পথ প্ৰদৰ্শন কৰা। কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ এক বৃহৎ অংশই নিজৰ এই মূল আদৰ্শৰ পৰা বিচ্যুত হৈ যি এক ভয়াবহ দিশলৈ গতি কৰিছে, সেয়া সমগ্ৰ সমাজ ব্যৱস্থাৰ বাবেই এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। বৰ্তমানৰ মূলসুঁতিৰ সংবাদ মাধ্যম, যাক বহুতে 'গোদী মিডিয়া' বুলিও অভিহিত কৰে, তেওঁলোকৰ বাবে বাতৰি এতিয়া হয় পৰিছে কেৱল এক পন্য। 'ব্ৰেকিং নিউজ'ৰ নামত চলি থকা তীব্ৰ প্ৰতিযোগিতাই সাংবাদিকতাৰ নৈতিকতাক তল পেলাইছে। খবৰ এটা সঁচা নে মিছা, সেইটো ফঁহিয়াই চোৱাতকৈ কোনে কিমান সোনকালে তাক প্ৰচাৰ কৰিব পাৰে, তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছে । এই প্ৰক্ৰিয়াত প্ৰায়ে আধা-সঁচা তথ্য, পুৰণি ভিডিঅ', আনকি সম্পূৰ্ণ ভুৱা খবৰকো নতুন মেৰপেচ দি দৰ্শকৰ আগত পৰিৱেশন কৰা হয়। মুঠতে সত্যৰ অন্বেষণৰ ...