অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ? - বিজয় পাংগিং
অসমত 'মিঞা খেদা'ৰ নাটক : কেতিয়া অন্ত পৰিব এই নাট্যাভিনয় ? অসমৰ ৰাজনীতি বৰ্তমান এক জটিল সন্ধিক্ষণত উপনীত হৈছে। যিখন ৰাজ্যত বিদেশী সমস্যা সমাধানৰ বাবে ঐতিহাসিক আন্দোলন হৈছিল, যিখন ৰাজ্যৰ ৮৫৫ জন শ্বহীদে বিদেশীমুক্ত অসমৰ সপোন দেখি প্ৰাণ আহুতি দিছিল, সেইখন ৰাজ্যত এতিয়া সমস্যা সমাধানৰ নামত চলিছে কেৱল এক সস্তীয়া ভাওনা। অসমত অবৈধ বিদেশী থকাটো কোনো এক নতুন আৱিষ্কাৰ নহয়; ই এক নিৰ্মম সত্য। সংসদত দিয়া তথ্যমতেই প্ৰায় ৫০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অসমে কঢ়িয়াই লৈ ফুৰিছে। অথচ আজিকোপতি কোনো এক চৰকাৰে এই বোজা পাতল কৰিবলৈ চেষ্টা কৰা নাই । তাৰ সলনি ১৯৮৫ ৰ পৰা আজিলৈকে প্ৰতিখন চৰকাৰে অসমৰ ৰাইজক চূড়ান্ত অন্যায় কৰি বাৰে বাৰে কৰি আছে শ্লোগানেৰে হুলস্থূল আৰু আৱেগৰ ৰাজনীতি । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ অন্তৰালৰ দৰ্শন আছিল স্পষ্ট— বিদেশীমুক্ত অসম। কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাক দোহাই দি সমগ্ৰ ভাৰতত ১৯৫১ চনটো ভিত্তি বৰ্ষ হোৱাৰ বিপৰীতে, কেৱল অসমৰ ওপৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ বোজা জাপি দিয়া হ'ল। অসমীয়া জাতিয়ে এই ঐতিহাসিক অন্যায় মানি লৈছিল কেৱল এটা...