এ পি এ এচি কেলেংকাৰিৰ দ্বিতীয়টো তালিকা আৰু কিছুদিন পাছত প্ৰকাশ পাব


অসম লোকসেৱা আয়োগ (এ পি এ চি)ৰ কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতে আত্মগোপন কৰা তিনিগৰাকী ৰাজপত্রিত বিষয়াক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে৷ ইতিমধ্যে পলাতক আৰু বিষয়াকেইগৰাকীৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে৷সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্রধান মুকেশ সাহায়ে। উল্লেখ্য যে আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱা ২২জন ৰাজপত্রিত বিষয়াক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। আয়োগৰ পৰীক্ষাৰ উত্তৰবহীত জালিয়াতি কৰাৰ প্ৰমাণ পোৱাৰ পাছত ২৫ গৰাকী ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে অভিযান চলাইছিল। ইয়াৰে ২২জন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। কিন্তু এ পি এছ ৰাকেশ গুপ্তা, এ চি এছ বিষয়া ৰুমী শইকীয়া আৰু নিশামণি ডেকা পলাতক অৱস্থাত আছে। এই সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানজনে প্রকাশ কৰা অনুসৰি পলাতক দুগৰাকী বিষয়াই গুৱাহাটীতে গোপনে আশ্রয় গ্রহণ কৰি আছে। অৱশ্যে এগৰাকী বিষয়াই বহিঃৰাজ্যত আত্মগোপন কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আনহাতে আৰক্ষীৰ চকুত ধূলি দি কোনাে সাৰি যাব নােৱাৰে বুলি মন্তব্য কৰি সঞ্চালকপ্ৰধানজনে কয়— ‘‘যাৰ বিৰুদ্ধে প্রমাণ আছে, তেওঁলোকক গ্রেপ্তাৰ কৰাটাে নিশ্চিত। আৰক্ষীৰ তদন্তত সহযোগিতা নকৰাসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। বিষয়াসকলক পলায়ন কৰাত সহায় কৰা ব্যক্তিৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব।” ইতিমধ্যে গ্রেপ্তাৰ হােৱা ২২জন ৰাজপত্রিত বিষয়াই নহয়, দুৰ্নীতিৰে চাকৰি লোৱা আন বহুতো বিষয়াক গ্রেপ্তাৰ কৰিব আৰক্ষীয়ে। সঞ্চালকপ্ৰধানজনে সদৰী কৰা অনুসৰি, শীঘে চাকৰি ক্ৰয় কৰা দ্বিতীয়খন প্রার্থীৰ তালিকা প্রকাশ কৰিব আৰক্ষীয়ে। ফৰেনছিক প্রতিবেদন লাভ কৰাৰ পাছতেই পুনৰ আৰক্ষীয়ে অভিযান চলাব।

Comments